ভাষা নিৰ্বাচন :

অসমীয়া(Assamese)

যোৰহাটত কোভিড–১৯ত আক্ৰান্ত হৈ চিকিৎসকৰ মৃত্যু, ভেকচিন লৈছিলনে চিকিৎসকগৰাকীয়ে?

যোৰহাটত ৩৬% চিকিৎসক তথা স্বাস্থ্য সেৱা কৰ্মীয়েই লোৱা নাই কোভিড–১৯ৰ ভেকচিন।

কোভিডৰ বিৰুদ্ধে যুঁজ দি অহা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলেই কিন্তু কোভিড–১৯ৰ ভেকচিন ল’বলৈ অনীহা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। যোৰহাটত বহু সংখ্যক চিকিৎসা সেৱাৰ সৈতে জড়িত কৰ্মীয়ে লোৱা নাই ভেকচিন। সোমবাৰে যোৰহাটত কোভিড–১৯ত আক্ৰান্ত হোৱাৰ পিছত এজন চিকিৎসকৰ মৃত্যু হোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলক। এই চিকিৎসকগৰাকীয়েও লোৱা নাছিল কোভিড–১৯ৰ ভেকচিন।

যোৰহাটত সোমবাৰে কোভিড–১৯ত আক্ৰান্ত হৈ মৃত্যু হয় ডাঃ অশ্বিনী কুমাৰ দত্ত নামৰ  চিকিৎসকগৰাকীৰ। যোৰহাটৰ সেউজপুৰৰ বাসিন্দা ৫০ বছৰ বয়সীয়া চিকিৎসকগৰাকী মাজুলীত কৰ্মৰত আছিল। কৰ্কট ৰোগটো আক্ৰান্ত হৈ থকা চিকিৎসকগৰাকী কোভিড–১৯ত আক্ৰান্ত হোৱাৰ পিছত জেএমচিএইছত চিকিৎসাধীন হৈ আছিল। চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় চিকিৎসকগৰাকীৰ। যোৰহাটৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চিকিৎসকগৰাকীয়ে লোৱা নাছিল কোভিড–১৯ৰ ভেকচিন।

উল্লেখ্য যোৰহাটত ৩৬% চিকিৎসক তথা স্বাস্থ্য সেৱা কৰ্মীয়েই লোৱা নাই কোভিড–১৯ৰ ভেকচিন। যোৰহাটৰ স্বাস্থ্য বিভাগত হোৱা পঞ্জীয়ন অনুসৰি ৭৮৩৩ গৰাকী চিকিৎসা সেৱা কৰ্মীয়ে ভেকচিন ল’ব লাগিছিল। কিন্তু ১ মাৰ্চ পৰ্যন্ত মাত্ৰ ৫০৩৮ গৰাকী চিকিৎসক তথা স্বাস্থ্য সেৱা কৰ্মীয়েহে ভেকচিন লৈছে। স্বাস্থ্য সেৱা কৰ্মীসকলৰ ভেকচিন লোৱাৰ হাৰ হ’ল যোৰহাটত ৬৪%। চিকিৎসকগৰাকীৰ মৃত্যুৱে উদ্বিগ্ন কৰি তুলিছে যোৰহাটৰ স্বাস্থ্য বিভাগক। সেয়েহে যোৰহাট জিলা স্বাস্থ্য বিভাগে সকলোকে ভেকচিন ল’বলৈ পুনৰ আহ্বান জনাইছে।


"ডাঃ অশ্বিনী কুমাৰ দত্তই ভেকচিন লোৱাৰ কোনো তথ্য আমি পোৱা নাই। যোৰহাটৰ বহু স্বাস্থ্য সেৱা কৰ্মী ভেকচিন ল’বলৈ আগবাঢ়ি অহা নাই। এয়া অতি দুৰ্ভাগ্যজনক। তেওঁলোকে আনক চিকিৎসাসেৱা প্ৰদান কৰাৰ পূৰ্বে ভেকচিন লৈ নিজকে সুৰক্ষিত কৰি লোৱাটো অতিকৈ প্ৰয়োজনীয়।", যোৰহাটৰ জিলা প্ৰতিষেধক বিষয়া ডাঃ মঞ্জুলা হাজৰিকাই এনেদৰে কয়।

আনহাতে, চৰকাৰৰ শেহতীয়া নিৰ্দেশনা অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ কামত নিয়োজিত সকলো লোককে কোভিড–১৯ ভেকচিন প্ৰদান কৰা হ’ব। মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰতে যোৰহাটৰ নিৰ্বাচনৰ কামত নিয়োজিত লোকসকলক ভেকচিন প্ৰদান কৰা হ’ব বুলি জিলা প্ৰতিষেধক বিষয়াগৰাকীয়ে জানিবলৈ দিছে। সেয়েহে এইসকল লোকক ভেকচিন চেন্টাৰসমূহলৈ নিজে আগবাঢ়ি আহি ভেকচিন ল’বলৈ আহ্বান জনাইছে যোৰহাটৰ জিলা স্বাস্থ্য বিভাগে।

Published by: Sanjay Kumar Das
First published: March 2, 2021, 9:02 AM IST