‘কথা ক’ব নাজানিলে মুখ বন্ধ ৰাখক’, আমেৰিকাৰ ৰাষ্ট্ৰপতিক আৰক্ষী প্ৰধানৰ পৰামৰ্শ
- News18 Assam
- Last Updated: June 4, 2020, 12:05 PM IST
বিভিন্ন ঠাইত এই বিক্ষোভে হিংসাত্মক ৰূপ লৈছে আৰু প্ৰশাসনে ৰাজধানী ৱাশ্বিংটন সহ বহুকেইখন ডাঙৰ চহৰত নৈশ সান্ধ্য আইন জাৰি কৰিবলগীয়া হৈছে।

দৰাচলতে যোৱা সপ্তাহত আমেৰিকাৰ এজন শ্বেতাংগ আৰক্ষী বিষয়াৰ হাতত অশ্বেত ব্যক্তি জৰ্জ ফ্লয়ডৰ মৃত্যুৰ পিছতে হিংসাত্মক বিৰোধ অব্যাহত আছে।
কেৱল ইমানেই নহয় তেওঁ অভিযোগ কৰিছিল যে জৰ্জ ফ্লয়ডৰ মৃত্যুৰ বিৰুদ্ধে হৈ থকা বিক্ষোভ এণ্টিফাই উচতাইছে। তেওঁ লগতে এই কথাও কয় যে, ফেচীবাদ বিৰোধী গোট এণ্টিফাক সন্ত্ৰাসবাদী ঘোষণা কৰা হ’ব।
ইয়াৰ মাজতে আমেৰিকাৰ এখন মুখ্য চহৰ হিউষ্টনৰ আৰক্ষী মুৰব্বী আৰ্ট অক্কেড’ৰ এক বিবৃতিয়ে শিৰোনাম দখল কৰিছে। এটা নিউজ চেনেলৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক মুখখন জপাই থ’বলৈ পৰামৰ্শ দি দিছে। অক্কেড’ই কয় যে, "মই এই দেশৰ সকলো আৰক্ষী প্ৰধানসকলৰ তৰফৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতিক ক’ব বিচাৰো যে যদিহে আপুনি ঠিককৈ কথা ক’ব নোৱাৰে তেনেহ’লে মুখখন জপাই থওক।"
অক্কেড’ই লগতে কয়,"আপুনি ২০২০বৰ্ষত মানুহক বিপদত পেলাইছে। এই সময় মানুহৰ মন জয় কৰাৰ আৰু ধমকি দিয়াৰ নহয়। সমগ্ৰ দেশত আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হৈছে, এনেকুৱাত আমাক নেতৃত্ব লাগে। কিন্তু নেতৃত্বই আমাক দুখী কৰিছে। আপুনি এজন ৰাষ্ট্ৰপতি গতিকে সেই ধৰণে সিদ্ধান্ত লওক। এয়া হলিউড নহয়, বাস্তৱ জীৱন আৰু বৰ্তমান এয়া বিপদত পৰিছে।"
Houston Police Chief @ArtAcevedo: “Let me just say this to the President of the United States, on behalf of the police chiefs of this country: please, if you don’t have something constructive to say, keep your mouth shut.” pic.twitter.com/z5AJpOO0RO
— Christiane Amanpour (@camanpour) June 1, 2020












