ক’লা কাপোৰ পিন্ধা সেইসকল কোন? যাৰ ভয়ত বাংকাৰত লুকাবলগীয়া হ’ল ড’নাল্ড ট্ৰাম্প!
মূৰৰ পৰা ভৰিলৈকে ক’লা কাপোৰেৰে ঢকা Antifa ৰ সদস্যসকলে মুখতো স্কাৰ্ফ বা হেলমেট পিন্ধি থাকে যাতে হিংসাত্মক ঘটনাৰ সময়ত আৰক্ষীয়ে তেওঁলোকক ধৰিব নোৱাৰে।
মূৰৰ পৰা ভৰিলৈকে ক’লা কাপোৰেৰে ঢকা Antifa ৰ সদস্যসকলে মুখতো স্কাৰ্ফ বা হেলমেট পিন্ধি থাকে যাতে হিংসাত্মক ঘটনাৰ সময়ত আৰক্ষীয়ে তেওঁলোকক ধৰিব নোৱাৰে।
- News18 Assam
- Last Updated: June 2, 2020, 8:19 PM IST

বিপদৰ উমান পাই ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে (Donald Trump) গোপন বাংকাৰত লুকাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল।
ইয়াৰ মাজতে ট্ৰাম্পে Antifa নামৰ সংগঠনৰ বিৰুদ্ধে ন্যায় বিচৰাৰ নামত সংঘৰ্ষৰ সূত্ৰপাত কৰাৰ অভিযোগ আনি ইয়াক নিষিদ্ধ কৰাৰ প্ৰসংগ উত্থাপন কৰিছে। জানক কোন এই Antifa, যাৰ কাৰণে সৰ্বশক্তিমান আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সুৰংগত লুকাবলৈ বাধ্য হ’ল।

২০০০ বৰ্ষৰ পৰা কিছু সময়লৈকে এণ্টিফা সংগঠন নিষ্ক্ৰিয়ৰ দৰেই আছিল কিন্তু ট্ৰাম্পে দায়িত্বভাৰ লোৱাৰ পিছতে সংগঠনটো পুনৰ সক্ৰিয় হৈ পৰিছে।
আমেৰিকাত ফেচীবাদ বিৰোধী (anti-fascists) গোটক Antifa নামেৰে জনা হয়। এণ্টিফা গোটৰ আৰম্ভনি ১৯২০বৰ্ষৰ পৰা ১৯৩০চনৰ মাজত বুলি ধৰা হয়। আমেৰিকাত ইয়াৰ আৰম্ভনি ১৯৩০চনত হৈছিল। মাৰ্ক ব্ৰেৰ গ্ৰন্থ Antifa: The Anti-Fascist Handbookত ইয়াৰ উল্লেখ পোৱা যায়। আমেৰিকাত এই গ্ৰুপক আৰম্ভনিতে নিজৰ উদ্দেশ্যৰ কাৰণে এণ্টি ৰেচিষ্ট একশ্যন গ্ৰুপ আখ্যা দিয়া হৈছিল। এই লোকসকলে নৱ–নাজী, ফেচীবাদ আৰু বৰ্ণবৈষম্যৰ বিৰুদ্ধে থিয় দিয়াৰ দাবী কৰে।

২০০০ বৰ্ষৰ পৰা কিছু সময়লৈকে এণ্টিফা সংগঠন নিষ্ক্ৰিয়ৰ দৰেই আছিল কিন্তু ট্ৰাম্পে দায়িত্বভাৰ লোৱাৰ পিছতে সংগঠনটো পুনৰ সক্ৰিয় হৈ পৰিছে।
বেলেগ বেলেগ পৃষ্ঠভূমিৰ পৰা অহা ইয়াৰ সদস্যসকলে বেছিভাগেই চৰকাৰৰ বিৰুদ্ধে থিয় দিয়াৰ লগতে শান্তিপূৰ্ণ বিক্ষোভ কৰে। অৱশ্যে কেবাবাৰো বিৰোধৰ সময়ত এইসকল হিংসুক হৈও পৰে। এই কাৰণেই সদ্যহতে ট্ৰাম্পে আমেৰিকাৰ ৩০খন ৰাজ্যত বিয়পি পৰা হিংসাত্মক ঘটনাৰ কাৰণে এই সংগঠনক জগৰীয়া কৰিছে।
ইয়াৰ বিষয়ে কোনো বিশেষ তথ্য নাই সৰ্বজনগ্ৰাহ্য অনুসৰি বেছিভাগ ছাত্ৰ বা ছাত্ৰ সংগঠন ইয়াৰ সক্ৰিয় সদস্য। লগতে অশ্বেত মানুহৰ অধিকাৰৰ কাৰণে কাম কৰি অহা সংস্থাসমূহে গোপন ধৰণে ইয়াত সহযোগ কৰে। এনেই যিকোনো দেশ বিশেষকৈ আমেৰিকাত এণ্টিফাৰ সদস্যসকলে মুখত কাপোৰ বান্ধি বা হেলমেট পিন্ধি বিক্ষোভ প্ৰদৰ্শন কৰে যাতে আৰক্ষীয়ে তেওঁলোকক ধৰিব নোৱাৰে। এওঁলোকৰ তেনেকৈ কোনো নেতা নাথাকে যাৰ কাৰণে আৰক্ষীয়ে সোধা–পোচাও কৰিব নোৱাৰে।

এণ্টিফাৰ বিৰোধ শৈলী যথেষ্ট বেলেগ। ফটোঃটুইটাৰ
সাধাৰণতে ৰাজপথত বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ বেছিভাগ সময়ত পুৰুষসকলহে নামে কিন্তু বৰ্তমান বৃহৎ সংখ্যক মহিলাও এই প্ৰদৰ্শনৰ অংশ হৈছে। তেওঁলোকৰ অভিযোগ যে বৰ্তমান আমেৰিকাৰ চৰকাৰ মহিলা বিৰোধী গতিকে এণ্টিফাত মহিলাসকল জৰিত হোৱাটো গুৰুত্বপূৰ্ণ। বিবিচিৰ ৰিপ’ৰ্টত এণ্টিফা গ্ৰুপ Refuse Fascism ৰ এগৰাকী মহিলা সদস্যা চানচাৰা টেইলৰে কয় যে তেওঁলোকক প্ৰভাৱিত কৰা সকলো বিষয়ত মহিলাসকলে মাত মাতিবলৈ সাজু।
এণ্টিফাৰ সদস্যসকলে সাধাৰণতে মূৰৰ পৰা ভৰিলৈকে ক’লা কাপোৰ পৰিধান কৰি থাকে। ইয়াৰ আঁৰতো আছে এক বিশেষ কাৰণ। দৰাচলতে ৱেষ্ট জাৰ্মানীত ক’ল্ড ৱাৰৰ সময়ত ইয়াৰ আৰম্ভনি হৈছিল, তেতিয়া বিৰোধ প্ৰদৰ্শনৰ এয়াই ৰূপ আছিল। ইয়াক "black bloc" নামেৰে জনা যায়। ক’লা কাপোৰ যিহেতু ৱেষ্টত যথেষ্ট প্ৰচলিত গতিকে যিকোনো বিপদৰ সময়ত এওঁলোক ছেদেলি–ভেদেলি হৈ আঁতৰি যায়। ভিৰৰ সৈতে মিলি গ’লে এওঁলোকক বিচাৰি পোৱা টান।
এণ্টিফাৰ বিৰোধ প্ৰদৰ্শনৰ শৈলীও যথেষ্ট বেলেগে। তেওঁলোকে বিৰোধ কৰিবলৈ সভালৈ গ’লে চিঞৰ–বাখৰ কৰিবলৈ ধৰে যাতে সভা ভংগ হৈ পৰে। হুলস্থুল কৰি মানৱ শৃংখল বনোৱাও এওঁলোকৰ ৰণনীতি। বিভিন্ন সময়ত তেওঁলোকে ছচিয়েল মিডিয়াত নিজৰ বিৰোধীৰ ইমেজ বেয়া কৰিবলৈ তেওঁলোকৰ ব্যক্তিগত কথা তুলি ধরে। ইয়াক "doxxing" কোৱা হয়। সাধাৰণতে শান্তিপ্ৰিয় বুলি জনা যায় যদিও সময়ে সময়ে এই সংগঠনে হিংসাত্মক কাণ্ডও কৰি আহিছে আৰু প্ৰয়োজনত নিজৰ সৈতে জলকীয়া গুৰি, ছুৰী, লাঠী আৰু ইঁটা লৈ ফুৰে।












