ট্ৰাকত খুন্দিয়াই স্কুটাৰ আৰোহী যুৱকৰ মৃত্যুৰ পিচতে জেললৈ গ’ল মাতৃ, জানক কিয়?
এখন কংক্ৰিট মিক্সাৰ ট্ৰাকৰ সৈতে নিজে চলাই চোৱা স্কুটাৰৰ খুন্দাৰ ফলত মৃত্যু হৈছিল সাগৰৰ। সাগৰৰ মৃত্যুৰ বাবে মাকৰ বিৰুদ্ধে ৰুজু হ'ল গোচৰ। কিন্তু কিয় ?
এখন কংক্ৰিট মিক্সাৰ ট্ৰাকৰ সৈতে নিজে চলাই চোৱা স্কুটাৰৰ খুন্দাৰ ফলত মৃত্যু হৈছিল সাগৰৰ। সাগৰৰ মৃত্যুৰ বাবে মাকৰ বিৰুদ্ধে ৰুজু হ'ল গোচৰ। কিন্তু কিয় ?
- News18 Assam
- Last Updated: March 2, 2021, 4:55 PM IST
বিগত মাহত এক পথ দুৰ্ঘটনাৰ ফলত নিহত হোৱা জি যোগেশ সাগৰ নামৰ এগৰাকী ১৯ বছৰীয়া যুৱকৰ মাতৃৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। বৈধ গাড়ী চালকৰ অনুজ্ঞা পত্ৰ অবিহনেই পুত্ৰক গাড়ী চলাবলৈ অনুমতি দিয়াৰ বাবে মাতৃৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এই গোচৰ ।
এখন কংক্ৰিট মিক্সাৰ ট্ৰাকৰ সৈতে সাগৰৰ স্কুটাৰৰ সংঘৰ্ষৰ ফলত মৃত্যু হৈছিল সাগৰৰ । আৰক্ষীয়ে সাগৰৰ মাতৃ জি গীতা ৰাণীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে ট্ৰাক চালক ডি.ভূমায়া আৰু ট্ৰাকখনৰ গৰাকী কমলাকাৰ ৰেড্ডীৰ বিৰুদ্ধেও হত্যা কৰি ধন পৰিশোধ নকৰাৰ বাবে এটা গোচৰ ৰুজু কৰিছে।
উল্লেখ্য যে, ২৩ ফেব্ৰুৱাৰী দুপৰ নিশা গাচ্চিবলিৰ মছজিদবান্দাত ভূমায়াই চলোৱা ট্ৰাকখনে সাগৰক প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত তেওঁৰ শৰীৰ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছিল আৰু থিতাতে মৃত্যু হৈছিল সাগৰৰ ।
সেয়েহে সন্তানৰ হাতত গাড়ী তুলি দিয়াৰ পূৰ্বে আপুনি দহবাৰ ভাবি লওক। বিশেষকৈ অনুজ্ঞা পত্ৰ অবিহনে আপোনাৰ সন্তানে গাড়ী চলাইছে নেকি তাৰ প্ৰতিও নজৰ দিয়ক।








