গোৱালপাৰাত জন্ম হ'ল এটা নতুন ৰাজনৈতিক দলৰ, দল গঠনৰ উদ্দেশ্য শুনিলে তবধ মানিব আপুনি!
গোৱালপাৰাত জিলা সাংবাদিক সন্থাৰ কাৰ্যলয়ত ‘অসমীয়াৰ দলে’ এক সংবাদমেলযোগে দলটোৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে সদৰী কৰে৷
গোৱালপাৰাত জিলা সাংবাদিক সন্থাৰ কাৰ্যলয়ত ‘অসমীয়াৰ দলে’ এক সংবাদমেলযোগে দলটোৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে সদৰী কৰে৷
- News18 Assam
- Last Updated: March 2, 2021, 11:27 AM IST
গোৱালপাৰাত জিলা সাংবাদিক সন্থাৰ কাৰ্যলয়ত ‘অসমীয়াৰ দলে’ এক সংবাদমেলযোগে দলটোৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে সদৰী কৰে৷ ৰাইজক জৈৱিক পদ্ধতিৰে উৎপাদিত খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিব হেনো অসমীয়াৰ দলে৷ লগতে অসম-নাগালেণ্ডৰ দীৰ্ঘদিনীয়া সীমা বিবাদ নিস্পত্তি কৰাৰো অংগীকাৰ কৰিছে নৱগঠিত দলটোৱে৷
নৱগঠিত ৰাজনৈতিক দল ‘অসমীয়াৰ দল’ৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লৈছে মেহবুবৰ ৰহমানৰ নামৰ এগৰাকীয়ে৷ গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত দলটোৱে এখন সংবামেল আয়োজন কৰি আগন্তুক নিৰ্বাচনৰ ৰণনীতিৰ লগতে কেতবোৰ আজৱ পৰিকল্পনাৰ কথা সদৰি কৰে৷








