যোৰহাটত কোভিড–১৯ত আক্ৰান্ত হৈ চিকিৎসকৰ মৃত্যু, ভেকচিন লৈছিলনে চিকিৎসকগৰাকীয়ে?
যোৰহাটত ৩৬% চিকিৎসক তথা স্বাস্থ্য সেৱা কৰ্মীয়েই লোৱা নাই কোভিড–১৯ৰ ভেকচিন।
যোৰহাটত ৩৬% চিকিৎসক তথা স্বাস্থ্য সেৱা কৰ্মীয়েই লোৱা নাই কোভিড–১৯ৰ ভেকচিন।
- News18 Assam
- Last Updated: March 2, 2021, 9:02 AM IST
যোৰহাটত সোমবাৰে কোভিড–১৯ত আক্ৰান্ত হৈ মৃত্যু হয় ডাঃ অশ্বিনী কুমাৰ দত্ত নামৰ চিকিৎসকগৰাকীৰ। যোৰহাটৰ সেউজপুৰৰ বাসিন্দা ৫০ বছৰ বয়সীয়া চিকিৎসকগৰাকী মাজুলীত কৰ্মৰত আছিল। কৰ্কট ৰোগটো আক্ৰান্ত হৈ থকা চিকিৎসকগৰাকী কোভিড–১৯ত আক্ৰান্ত হোৱাৰ পিছত জেএমচিএইছত চিকিৎসাধীন হৈ আছিল। চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় চিকিৎসকগৰাকীৰ। যোৰহাটৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চিকিৎসকগৰাকীয়ে লোৱা নাছিল কোভিড–১৯ৰ ভেকচিন।
উল্লেখ্য যোৰহাটত ৩৬% চিকিৎসক তথা স্বাস্থ্য সেৱা কৰ্মীয়েই লোৱা নাই কোভিড–১৯ৰ ভেকচিন। যোৰহাটৰ স্বাস্থ্য বিভাগত হোৱা পঞ্জীয়ন অনুসৰি ৭৮৩৩ গৰাকী চিকিৎসা সেৱা কৰ্মীয়ে ভেকচিন ল’ব লাগিছিল। কিন্তু ১ মাৰ্চ পৰ্যন্ত মাত্ৰ ৫০৩৮ গৰাকী চিকিৎসক তথা স্বাস্থ্য সেৱা কৰ্মীয়েহে ভেকচিন লৈছে। স্বাস্থ্য সেৱা কৰ্মীসকলৰ ভেকচিন লোৱাৰ হাৰ হ’ল যোৰহাটত ৬৪%। চিকিৎসকগৰাকীৰ মৃত্যুৱে উদ্বিগ্ন কৰি তুলিছে যোৰহাটৰ স্বাস্থ্য বিভাগক। সেয়েহে যোৰহাট জিলা স্বাস্থ্য বিভাগে সকলোকে ভেকচিন ল’বলৈ পুনৰ আহ্বান জনাইছে।
আনহাতে, চৰকাৰৰ শেহতীয়া নিৰ্দেশনা অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ কামত নিয়োজিত সকলো লোককে কোভিড–১৯ ভেকচিন প্ৰদান কৰা হ’ব। মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰতে যোৰহাটৰ নিৰ্বাচনৰ কামত নিয়োজিত লোকসকলক ভেকচিন প্ৰদান কৰা হ’ব বুলি জিলা প্ৰতিষেধক বিষয়াগৰাকীয়ে জানিবলৈ দিছে। সেয়েহে এইসকল লোকক ভেকচিন চেন্টাৰসমূহলৈ নিজে আগবাঢ়ি আহি ভেকচিন ল’বলৈ আহ্বান জনাইছে যোৰহাটৰ জিলা স্বাস্থ্য বিভাগে।








