মাহেকত ৮৩০ টকাকৈ একাউণ্টত পাব ৰাজ্যৰ মহিলাসকলে, অভিলাসী অৰুণোদয় আঁচনি উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
চৰকাৰে ৰাজ্যৰ ৩৩ খন জিলাৰ প্ৰতিটো সমষ্টিকে সাঙুৰি লব। সদ্যহাতে বিটিআৰ বাদ দি ২৯ খন জিলাত আঁচনি আৰম্ভ কৰা হৈছে।
চৰকাৰে ৰাজ্যৰ ৩৩ খন জিলাৰ প্ৰতিটো সমষ্টিকে সাঙুৰি লব। সদ্যহাতে বিটিআৰ বাদ দি ২৯ খন জিলাত আঁচনি আৰম্ভ কৰা হৈছে।
- News18 Assam
- Last Updated: December 1, 2020, 4:34 PM IST
৫ ডিচেম্বৰৰ ভিতৰত সকলো হিতাধিকাৰীৰ একাউণ্টত ৮৩০ টকা সোমাব বুলি জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে দাবী কৰে যে এই অৰুণোদয় আঁচনিখনেই অসমৰ ইতিহাসৰ সবাতোকৈ বৃহত্তম প্ৰত্যক্ষ লাভজনক হস্তান্তৰ আঁচনি। আমিনগাঁওৰ মঙলবাৰৰ সভাত দিশপুৰ, হাজো, জালুকবাৰী, পলাশবাৰী, পূৱ গুৱাহাটী, পশ্চিম গুৱাহাটী, কমলপুৰ আৰু ৰঙিয়া সমষ্টিৰ সৰ্বসাধাৰণ লোকে অংশ লয়।
ৰাজ্যৰ দৰিদ্ৰতা নিৰ্মুল আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালক স্বাৱলম্বী কৰাৰ বাবে এই অভিলাসী আচনিখন হাতত লৈছে বুলি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে এই আচনিখনৰ জৰিয়তে ৩৩ খন জিলাৰ ২২৭৭ খন পঞ্চায়তৰ লগতে নগৰ অঞ্চলৰ মুঠ ৯০ লাখ লোক উপকৃত হ’ব বুলি জনায়। উল্লেখযোগ্য যে এই আঁচনিৰ ধন পাবলৈ হলে বাসগৃহত এচি, ৱাচিং মেছিন, ৰেফ্ৰিজেৰটৰ থাকিব নালাগিব। চাকৰিয়াল ব্যক্তি থকা পৰিয়ালৰ আৰু প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়কৰ পৰিয়ালৰ লোকে এই আঁচনিৰ ধন নাপাব। মঙলবাৰৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ উপৰি মন্ত্ৰী সঞ্জয় কিষান, সুমন হৰিপ্ৰিয়া, কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ প্ৰমুখ্যে কেইবাগৰাকী বিধায়ক উপস্থিত আছিল।








