‘বজাৰত নিগনীৰ দৰৱ বেচা বেপাৰী এতিয়া কংগ্ৰেছৰ বিধায়ক’ – কংগ্ৰেছৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰি মন্তব্য অনিল ৰাজাৰ
অনিল ৰাজাৰ অভিযোগ, ৰাজ্যিক নেতৃত্বৰ দায়িত্ব অৰ্পণ কৰা ৰিপুণ বৰাৰ নাই কোনো সাংগঠনিক অভিজ্ঞতা৷
অনিল ৰাজাৰ অভিযোগ, ৰাজ্যিক নেতৃত্বৰ দায়িত্ব অৰ্পণ কৰা ৰিপুণ বৰাৰ নাই কোনো সাংগঠনিক অভিজ্ঞতা৷
- News18 Assam
- Last Updated: March 2, 2021, 9:42 AM IST
অনিল ৰাজাৰ অভিযোগ, ৰাজ্যিক নেতৃত্বৰ দায়িত্ব অৰ্পণ কৰা ৰিপুণ বৰাৰ নাই কোনো সাংগঠনিক অভিজ্ঞতা৷ ৰিপুণ বৰা এজন বিশ্বাসঘাতক আৰু নানা কূ–কৰ্মৰে জড়িত নেতা৷ নাৰী কেলেংকাৰীৰ পৰা আৰম্ভ কৰি চাকৰিৰ নামত বহু নিবনুৱাৰ পৰা ধন লোৱাৰ অভিযোগ আনিলে ৰিপুণ বৰাৰ বিৰুদ্ধে৷ তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনকালত ব্যভিচাৰ কৰা নেতাই এতিয়া মহাজোটবন্ধনত চামিল হৈ শাসন চলোৱাৰ সপোন দেখা বুলি মন্তব্য আগবঢ়ালে অনিল ৰাজাই৷
নাম নোকোৱাকৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক বনদস্যু আখ্যা দি নগাওঁবাসীক বনদস্যুক আশ্ৰয় নিদিব আহ্বান অনিল ৰাজাৰ৷ বিগত ৫টা বছৰে নগাঁওবাসী ৰাইজ বহু শান্তিৰে জীৱন অতিবাহিত কৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ালে অনিল ৰাজাই৷ অনিল ৰাজাৰ মতে, যোৱা ১৫টা বছৰে নগাঁৱৰ খিলঞ্জীয়া ৰাইজ বহু শংকাৰ মাজেৰে দিন অতিবাহিত কৰিব লগীয়া হৈছিল৷








